August 9, 2026 7:07 PM

views 11

দেশপ্রেম, ৰাষ্ট্ৰীয় একতা আৰু সাংস্কৃতিক ঐতিহ্যৰ উদযাপনৰ বাবে নাগৰিকসকলক উৎসাহিত কৰিবলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ

দেশপ্রেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। ১৭ আগষ্টত এই অভিযানৰ সামৰণি পৰিব। ২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্রতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামুহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্রাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্...