দেশত ৩,৯৬০ গৰাকী সক্রিয় ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কেৰালাত সৰ্বাধিক এহেজাৰ ৪৩৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। একেদৰে মহাৰাষ্ট্ৰত ৫০৬ আৰু দিল্লীত ৪৮৩ গৰাকী লোকৰ দেহত এই ৰোগ ধৰা পৰিছে। দিল্লীৰ ডা০ ৰামমনোহৰ লোহীয়া চিকিৎসালয়ৰ ক’ভিড ইউনিটৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা০ পৱন কুমাৰে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাতকাৰত ক’ভিডৰ এই নতুন প্ৰজাতিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই বুলি জনসাধাৰণক আশ্বাস দিয়ে। তেওঁ কয়, যে চিকিৎসালয়খনত ভৰ্তি হোৱা ক’ভিডত আক্রান্ত চাৰিগৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে।
Assamese | June 2, 2025 8:53 PM | Akashvani News | Corona | COVID-19 | India Covid
দেশত ৩,৯৬০ গৰাকী সক্রিয় ক’ভিড ৰোগী চিনাক্ত