কৃষি তথা কৃষক কল্যাণ মন্ত্রালয়ে দেশত ২০২৫-২৬ বৰ্ষত প্ৰায় তিনি হাজাৰ ৭৭৮ লাখ টন উদ্যান শস্য উৎপাদন হ’ব বুলি পূর্বানুমান কৰিছে। এই পৰিমাণ ২০২৪-২৫ বৰ্ষৰ তুলনাত ৭০ লাখ ৩৯ হাজাৰ টন অধিক বুলি কোৱা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰ্যালয়ে জাৰি কৰা বিভিন্ন উদ্যান শস্যৰ খেতি কৰা ভূমি আৰু উৎপাদন সম্পৰ্কীয় দ্বিতীয় অগ্রিম পূর্বানুমান অনুসৰি দেশত ২০২৫-২৬ বৰ্ষত এনে শস্যৰ খেতি কৰা ভূমিৰ পৰিমাণ ৩০১ লাখ ৫১ হাজাৰ হেক্টৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰ্যালয়ে লগতে এই সময়ছোৱাত ফলমূল, শাক-পাচলি, ফুল আৰু সুগন্ধি তথা ঔষধি শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে জাৰি কৰা দ্বিতীয় পূর্বানুমান অনুসৰি এই সময়ছোৱাত কল, আম, অমিতা, আপেল আৰু মধুৰিয়ামৰ উৎপাদন বৃদ্ধি পোৱাৰ ফলত ফল-মূলৰ উৎপাদন এহেজাৰ ২১৪ লাখ টনৰো অধিক হোৱাৰ সম্ভাৱনা আছে। ২০২৫-২৬ বৰ্ষত পিঁয়াজৰ উৎপাদন ৩০৭ লাখ টনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে। মন্ত্ৰ্যালয়ৰ পূৰ্বানুমানত ২০২৫-২৬ বৰ্ষত ফুলৰ উৎপাদন ২৫ লাখ টনৰো অধিক হ’ব পাৰে বুলি কোৱা হৈছে।
Assamese | June 12, 2026 12:23 PM | horticulture production
দেশত ২০২৫-২৬ বৰ্ষত প্ৰায় ৩,৭৭৮ লাখ টন উদ্যান শস্য উৎপাদনৰ পূর্বানুমান কৃষক কল্যাণ মন্ত্রালয়ৰ