June 12, 2026 12:23 PM

views 7

দেশত ২০২৫-২৬ বৰ্ষত প্ৰায় ৩,৭৭৮ লাখ টন উদ্যান শস্য উৎপাদনৰ পূর্বানুমান কৃষক কল্যাণ মন্ত্রালয়ৰ

কৃষি তথা কৃষক কল্যাণ মন্ত্রালয়ে দেশত ২০২৫-২৬ বৰ্ষত প্ৰায় তিনি হাজাৰ ৭৭৮ লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূর্বানুমান কৰিছে। এই পৰিমাণ ২০২৪-২৫ বৰ্ষৰ তুলনাত ৭০ লাখ ৩৯ হাজাৰ টন অধিক বুলি কোৱা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰ্যালয়ে জাৰি কৰা বিভিন্ন উদ্যান শস্যৰ খেতি কৰা ভূমি আৰু উৎপাদন সম্পৰ্কীয় দ্বিতীয় অগ্রিম পূর্বানুমান অনুসৰি দেশত ২০২৫-২৬ বৰ্ষত এনে শস্যৰ খেতি কৰা ভূমিৰ পৰিমাণ ৩০১ লাখ ৫১ হাজাৰ হেক্টৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰ্যালয়ে লগতে এই সময়ছোৱাত ফলমূল, শাক-পাচলি, ফুল আৰু সুগ...