বিগত মাহত দেশত কর্মসংস্থাপনৰ পৰিৱেশ পূৰ্বতকৈ উন্নীত হৈছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় – NSO -এ প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যা অনুসৰি, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ তুলনাত দেশত নিবনুৱাৰ হাৰ ৫ শতাংশলৈ হ্ৰাস পাইছে। বিশেষকৈ গ্রামাঞ্চলত কাম-কাজৰ সুযোগ বৃদ্ধি পোৱাৰ লগতে চহৰাঞ্চলতো মহিলাসকলৰ অংশগ্রহণ যথেষ্ট বৃদ্ধি পাইছে।
তথ্য অনুসৰি, দেশৰ মুঠ শ্রম শক্তিত সাধাৰণ নাগৰিকৰ অংশগ্রহণ ৫৫.৫ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত বিশেষকৈ গাঁওসমূহত ইয়াৰ প্ৰভাৱ অধিক পৰিলক্ষিত হৈছে। আনহাতে, বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পাছত প্ৰথমবাৰলৈ চহৰাঞ্চলত কাম কৰা মহিলাৰ সংখ্যাই অভিলেখ গঢ়িছে।
ইপিনে, দেশৰ মুঠ কৰ্মৰত জনসংখ্যাৰ হাৰ ৫২.৭ শতাংশলৈ বৃদ্ধি পোৱা দেখা গৈছে। গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ৪.২ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে নগৰাঞ্চলত এই হাৰ ৬.৮ শতাংশতে প্ৰায় স্থিৰ হৈ ৰৈছে।