October 16, 2026 12:41 PM
6
দেশত যোৱা ছেপ্টেম্বৰ মাহৰ তুলনাত নিবনুৱাৰ হাৰ ৫ শতাংশলৈ হ্ৰাস
বিগত মাহত দেশত কর্মসংস্থাপনৰ পৰিৱেশ পূৰ্বতকৈ উন্নীত হৈছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় - NSO -এ প্ৰকাশ কৰা শেহতীয়া পৰিসংখ্যা অনুসৰি, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ তুলনাত দেশত নিবনুৱাৰ হাৰ ৫ শতাংশলৈ হ্ৰাস পাইছে। বিশেষকৈ গ্রামাঞ্চলত কাম-কাজৰ সুযোগ বৃদ্ধি পোৱাৰ লগতে চহৰাঞ্চলতো মহিলাসকলৰ অংশগ্রহণ যথেষ্ট বৃদ্ধি পাইছে। তথ্য অনুসৰি, দেশৰ মুঠ শ্রম শক্তিত সাধাৰণ নাগৰিকৰ অংশগ্রহণ ৫৫.৫ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত বিশেষকৈ গাঁওসমূহত ইয়াৰ প্ৰভাৱ অধিক পৰিলক্ষিত হৈছে। আনহাতে, বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পাছত...