ভাৰতে আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ সন্ত্রাসবাদ বিৰোধী নীতিক বিশ্বৰ সন্মুখত এটা নতুন উদাহৰণ হিচাপে উপস্থাপন কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ দশম বর্ষপূর্তি পালন কৰিছে। ২০১৬ চনৰ ২৮ আৰু ২৯ ছেপ্তেম্বৰত ভাৰতীয় সেনাই নিয়ন্ত্রণ ৰেখাৰ সীপাৰে পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ ঘাটিত হঠাতে আক্রমণ সংঘটিত কৰিছিল। একেটা মাহৰে আৰম্ভণিত উৰী সন্ত্রাসবাদী আক্রমণত ১৯ জন ভাৰতীয় সেনা ছহিদ হোৱাৰ প্ৰত্যুত্তৰ হিচাপে এই ছার্জিকেল স্ট্রাইক কৰা হৈছিল। এই বর্ষপূর্তিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত এটা দশকৰ বিকশিত ব্যৱস্থা সম্পর্কে আলোকপাত কৰে। ২০১৬ চনৰ এই সংকল্পই চৰকাৰে পৰৱৰ্তী সময়ত ২০১৯ চনৰ বালাকোট বিমান আক্রমণ আৰু ২০২৫ চনৰ অপাৰেচন সিন্দুৰকে ধৰি আন আন সাহসী অভিযানৰ ভেঁটি আছিল বুলি চৰকাৰে উল্লেখ কৰিছে। প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত সন্ত্রাসবাদীয়ে আত্মগোপন কৰা স্থানসমূহত চলোৱা এই সামৰিক অভিযানক এটা ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। তেওঁ বালাকোট বিমান আক্রমণ আৰু অপাৰেচন সিন্দুৰৰ উদাহৰণ দি ভাৰতত সন্ত্রাসবাদ বিৰোধী অভিযান অব্যাহত আছে বুলিও মত প্রকাশ কৰে।
Assamese | September 28, 2026 1:33 PM | 10th years of Surgical Strike
দেশত ছাৰ্জিকেল ষ্ট্ৰাইকৰ দশম বর্ষপূর্তি পালন