September 28, 2026 1:33 PM

views 12

দেশত ছাৰ্জিকেল ষ্ট্ৰাইকৰ দশম বর্ষপূর্তি পালন

ভাৰতে আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ সন্ত্রাসবাদ বিৰোধী নীতিক বিশ্বৰ সন্মুখত এটা নতুন উদাহৰণ হিচাপে উপস্থাপন কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ দশম বর্ষপূর্তি পালন কৰিছে। ২০১৬ চনৰ ২৮ আৰু ২৯ ছেপ্তেম্বৰত ভাৰতীয় সেনাই নিয়ন্ত্রণ ৰেখাৰ সীপাৰে পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ ঘাটিত হঠাতে আক্রমণ সংঘটিত কৰিছিল। একেটা মাহৰে আৰম্ভণিত উৰী সন্ত্রাসবাদী আক্রমণত ১৯ জন ভাৰতীয় সেনা ছহিদ হোৱাৰ প্ৰত্যুত্তৰ হিচাপে এই ছার্জিকেল স্ট্রাইক কৰা হৈছিল। এই বর্ষপূর্তিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত এটা দশকৰ বিকশিত ব্যৱস্থা সম্পর...