September 14, 2026 12:56 PM | Hindi divas

printer

দেশজুৰি আজি হিন্দী দিৱস উদযাপন

দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নৱী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰাৰ কথা। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত বিভিন্ন ভাৰতীয় ভাষাৰ সৈতে হিন্দীৰ সমন্বয়ৰ উপৰি চৰকাৰী ভাষা, জনসাধাৰণৰ ভাষা আৰু সংযোগী ভাষা হিচাপে হিন্দীৰ প্ৰসাৰ সন্দৰ্ভত বিভিন্ন খণ্ডৰ বিশেষজ্ঞ, সাহিত্যিক, ভাষাবিদ, শিক্ষাবিদ, সংসদ সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়া তথা বিশিষ্ট ব্যক্তিসকলে ভাষণ দিব। আৰম্ভণি সত্ৰত শ্ৰীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব্যক্তি তথা প্ৰতিষ্ঠানক ২০২৫-২৬ বৰ্ষৰ ৰাজভাষা গৌৰৱ আৰু ৰাজভাষা কীৰ্তি বঁটা প্ৰদান কৰিব। এই সত্ৰৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰগীত বন্দে মাতৰম আৰু এই গীতৰ ঐতিহাসিক, ভাষিক আৰু সাংস্কৃতিক তাৎপর্য সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ’ব। এই সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্ৰন্থ মুকলি কৰা হ’ব।

গৃহমন্ত্ৰীগৰাকীয়ে হিন্দী দিৱস উপলক্ষে এটা বাৰ্তা শ্বেয়াৰ কৰি কয়, যে হিন্দী হৈছে ৰাষ্ট্ৰীয় ঐক্য বৰ্তাই ৰখাৰ এনাজৰী। ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত হোৱাত ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিক্ দৰ্শনত হিন্দী আৰু অন্যান্য ভাষাসমূহে প্রযুক্তিগত উন্নয়নৰ সোণালী যুগত প্ৰৱেশ কৰা বুলি তেওঁ উল্লেখ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে হিন্দী দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীসিঙে কয়, যে হিন্দী কেৱল এটা ভাষাই নহয়, হিন্দী হৈছে দেশৰ সংস্কৃতি, সভ্যতা আৰু জীৱন প্ৰমূল্যৰ প্ৰতিফলন।

লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো হিন্দী দিৱস উপলক্ষে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, যে সাহিত্য তথা সাংবাদিকতাৰ পৰা চলচ্চিত্ৰ, দূৰদৰ্শন, শিক্ষা তথা ডিজিটেল পৃথিৱীখনলৈ হিন্দী লাখ লাখ লোকৰ প্ৰকাশৰ পৰিভাষা হৈ উঠিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।