September 14, 2026 12:56 PM

views 2

দেশজুৰি আজি হিন্দী দিৱস উদযাপন

দেশজুৰি আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত বিশ্বৰ ভালেসংখ্যক লোকে হিন্দী ভাষা ব্যৱহাৰ কৰাৰ লগতে ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা হৈছে হিন্দী। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নৱী মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় ৰাজভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত অংশগ্ৰহণ কৰাৰ কথা। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মি...

September 14, 2024 8:37 PM

views 54

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, হিন্দী ভাষাই দেশক ঐক্যবদ্ধ কৰাত অভূতপূৰ্ব ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে, হিন্দী ভাষা আৰু অন্য ভাষাসমূহৰ মাজত কোনো ধৰণৰ প্ৰতিযোগিতা নাই কাৰণ সেইবোৰৰ পৰস্পৰৰ পৰিপূৰক । নতুন দিল্লীত আজি ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, সকলো ভাষাৰ সুদৃঢ়কৰণৰ জৰিয়তেহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তুলিব পৰা যাব। তেওঁ কয় যে, ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিশুসকলক মাতৃ ভাষা...