প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিনৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰ্যালয় বিগত ৩ মাহত ১ লাখ ৫০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ প্ৰতিৰক্ষা সামগ্রী ক্রয় প্ৰস্তাৱত অনুমোদন জনাইছে। তেওঁ কয় যে চৰকাৰে ইতিবাচক থলুৱাকৰণৰ তালিকাত ৫০১ বিধৰো অধিক সামগ্রী অন্তর্ভুক্ত কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰি শ্ৰী সিঙে কয় যে চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ় দিয়াৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হৈছে। বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে চৰকাৰক কৰা সমালোচনা সম্পর্কে সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ নেতাগৰাকীৰ কোনো বিশ্বাসযোগ্যতা নাই। তেওঁ লগতে শ্ৰী গান্ধীয়ে বিদেশলৈ গৈ দেশৰ ভাৱমূৰ্তি ম্লান কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰে।
Assamese | September 17, 2024 6:39 PM | Rajnath Singh
দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ