বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্রকাশ নাড্ডাই দেশক দুৰ্বল কৰিবলৈ কাম কৰি থকা শক্তিসমূহক কংগ্ৰেছ দলে সদায় সহায় কৰি আহিছে বুলি অভিযোগ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অনা অভিযোগসমূহৰ উত্তৰত শ্ৰীনাড্ডাই কয়, যে কংগ্ৰেছ নেতাজনে বিজেপি, আৰ এছ এছ আৰু সমগ্ৰ দেশখনৰ বিৰুদ্ধে এক প্ৰকাৰে যুদ্ধত লিপ্ত হৈছে। কংগ্ৰেছ দলৰ ক্ষমতাৰ লোভে দেশৰ একতাৰ প্ৰতি ভাবুকি আনিছে আৰু জনসাধাৰণৰ বিশ্বাসত আঘাত হানিছে বুলিও শ্রীনাড্ডাই অভিযোগ কৰে। তেওঁ লগতে কয়, যে দেশখনৰ নাগৰিকসকল জ্ঞানী আৰু তেওঁলোকে আগতে কৰি অহাৰ দৰেই অনাগত দিনবোৰতো ৰাহুল গান্ধী আৰু তেওঁৰ মতাদৰ্শক প্রত্যাখ্যান কৰিব।
Assamese | January 15, 2025 8:30 PM | J P Nadda
দেশক দুৰ্বল কৰিবলৈ কাম কৰি থকা শক্তিসমূহক কংগ্ৰেছ দলে সদায় সহায় কৰি আহিছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ অভিযোগ