প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত হৈছে। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্রী মোদীয়ে কয় যে, ভাৰতে ইতিমধ্যে গোলকীয় উন্নয়ন কার্যসূচী, সংশোধিত বহুপাক্ষিকতাবাদ, জলবায়ু পৰিৱৰ্তন, অর্থনৈতিক সহযোগিতা, শক্তিশালী যোগান শৃংখলা নির্মাণ, সাংস্কৃতিক আৰু জনসম্পৰ্কৰ প্ৰসাৰৰ দৰে বিষয়সমূহক লৈ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ ঘনিষ্ঠ সহযোগিতাত গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে, যোৱা বছৰ নতুন সদস্যৰ অন্তৰ্ভুক্তিৰে ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সম্প্ৰসাৰণে বিশ্বৰ মংগলৰ হকে সংস্থাটোৰ কাৰ্যসূচী অধিক সৰ্বাত্মক কৰি তুলিছে। প্রধানমন্ত্রীয়ে কয় যে, জুলাইত মস্কোত আয়োজিত বাৰ্ষিক শীৰ্ষ সন্মিলনৰ ভিত্তিত তেওঁৰ কাজান যাত্ৰাই ভাৰত আৰু ৰাছিয়াৰ মাজৰ বিশেষ আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰি তুলিব।
Assamese | October 22, 2024 3:26 PM | narendra modi | PMO India
দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত প্রধানমন্ত্ৰী মোদী