বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলাৰ কাকপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আজি বীৰগৰাকীৰ জীৱনগাঁথাক লৈ প্ৰকাশ কৰা স্মৰণিকা- বীৰ ৰাঘৱ উন্মোচন কৰে ডুমডুমা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড০ প্ৰাণজিৎ শইকীয়াই। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়কসকল-বলীন চেতীয়া, সুৰেন ফুকন, ৰূপেশ গোৱালা, ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।
Assamese | November 20, 2024 7:05 PM | Sarbanada sonowal
দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ আজি সামৰণি