সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ আৰু পৱন খেৰাৰ লগতে দলৰ দিল্লী শাখাৰ মুৰববী দেৱেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত দলৰ এই ইস্তাহাৰ প্ৰকাশ কৰে। নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ দলে পিয়াৰী দিদি যোজনাৰ অধীনত মহিলাসকলক মাহিলী দুহেজাৰ ৫০০ টকাকৈ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছে। ২৫ লাখ টকালৈকে বিনামুলীয়া স্বাস্থ্য বীমা, ৫০০ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ, বিনামুলীয়া ৰেচন আৰু ৩০০ ইউনিটলৈ বিনামুলীয়া বিজুলীৰ সুবিধা দিয়াকে ধৰি অন্য কেইবাটাও প্ৰতিশ্ৰুতি দলৰ ইস্তাহাৰত দিয়া হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীৰ শাসনভাৰ দলৰ হাতলৈ আহিলে কংগ্ৰেছে জাতিভিত্তিক পিয়লৰ লগতে পূৰ্বাঞ্চলীয় লোকসকলৰ বাবে এটা বিভাগ স্থাপনৰো প্ৰতিশ্ৰুতি দিছে। ইস্তাহাৰখন প্ৰকাশ কৰি দলৰ জ্যেষ্ঠ নেতা শ্ৰীৰমেশে কয়, যে গেৰাণ্টি মানে হৈছে জনসাধাৰণৰ অধিকাৰ আৰু দলে দিল্লীৰ জনসাধাৰণৰ বাবে ৫ টা গেৰাণ্টিৰ প্ৰতিশ্ৰুতি দিছে। বিজেপি আৰু আপে দিল্লী মহানগৰৰ প্ৰদূষণৰ বিষয়টোক অৱহেলা কৰা বুলিও শ্ৰীৰমেশে অভিযোগ কৰে ৷
Assamese | January 29, 2025 7:57 PM | Congress Manifesto
দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ