January 29, 2025 7:57 PM

views 54

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ আৰু পৱন খেৰাৰ লগতে দলৰ দিল্লী শাখাৰ মুৰববী দেৱেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত দলৰ এই ইস্তাহাৰ প্ৰকাশ কৰে। নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ দলে পিয়াৰী দিদি যোজনাৰ অধীনত মহিলাসকলক মাহিলী দুহেজাৰ ৫০০ টকাকৈ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। ২৫ লাখ টকালৈকে বিনামুলীয়া স্বাস্থ্য বীমা, ৫০০ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ, বিনামুলীয়া ৰেচন আৰু ৩০০ ইউনিটলৈ বিনামুলীয়া বিজুলীৰ সুবিধা দিয়াকে ধৰি অন্য কেইবা...