প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ৰেখা গুপ্তাক অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্রীমোদীয়ে কয়, যে শ্রীমতী গুপ্তা এগৰাকী তৃণমূল পৰ্য্যায়ৰ পৰা উঠি অহা নেতা। কেম্পাছৰ ৰাজনীতি, ৰাজ্যিক সংগঠন আৰু পৌৰ প্ৰশাসনতো তেওঁ সক্ৰিয় আছিল। দিল্লীৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ উন্নয়নৰ বাবে পূৰ্ণ শক্তিৰে কাম কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।প্রধানমন্ত্ৰীয়ে পাৰভেজ বাৰ্মা, আশীষ সুদ, মনজিন্দৰ সিং চিছা, ৰবিন্দৰ ইন্দ্ৰজ সিং, কপিল মিশ্ৰা আৰু পংকজ কুমাৰ সিঙকো দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, যে শক্তি আৰু অভিজ্ঞতাৰ সুন্দৰ সংমিশ্ৰণ এই দলটোৱে নিশ্চয়কৈ দিল্লীৰ সুশাসন নিশ্চিত কৰিব।
Assamese | February 20, 2025 7:57 PM | Delhi CM | narendra modi | PMO India | Rekha Gupta
দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেখা গুপ্তাক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন