অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতি হিচাপে দং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শইকীয়াক নিৰ্বাচিত কৰা হৈছে। কেন্দ্ৰীয় নির্বাচনী পর্যৱেক্ষক গজেন্দ্ৰ সিং শেখাৱটে আজি দলৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি আয়োজিত এটা অনুষ্ঠানত নৱ নিৰ্বাচিত সভাপতি গৰাকীক কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ বিদায়ী ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি দলীয় নেতৃবর্গই অভিনন্দন জনায়।
Assamese | January 17, 2025 8:12 PM | New BJP President
দিলীপ শইকীয়া অসম প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত