January 18, 2026 8:57 PM

views 37

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিল আৰু পৰীক্ষা

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ কাইলৈ দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, কাইলৈ দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। মনোনয়ন পত্ৰসমূহ বিয়লি ৪ বজাৰ পৰা পৰীক্ষা কৰা হ'ব। সন্ধিয়া ৬ বজা পর্য্যন্ত প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্রয়োজনত পৰহিলৈ নির্বাচন অনুষ্ঠিত হ'ব।

January 17, 2025 8:12 PM

views 73

দিলীপ শ‍ইকীয়া অসম প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত

অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্ত্তী সভাপতি হিচাপে দং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়াক নিৰ্বাচিত কৰা হৈছে। কেন্দ্ৰীয় নির্বাচনী পর্যৱেক্ষক গজেন্দ্ৰ সিং শেখাৱটে আজি দলৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি আয়োজিত এটা অনুষ্ঠানত নৱ নিৰ্বাচিত সভাপতি গৰাকীক কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ বিদায়ী ৰাজ্যিক সভাপতি ...