September 7, 2026 7:32 PM | assam cabinet

printer

দিছপুৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্রীসভাৰ বৈঠক

দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্রীসভাৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্রীসভাৰ বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব ড০ ৰবি কোটা উপস্থিত থাকে। মন্ত্রীসভাৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হয়। মন্ত্রীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰে। বৈঠকত চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ১৩ জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১২ বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শিশু খেল মহাৰণ অনুষ্ঠিত হ’ব। পৰৱৰ্তী দুই লাখ চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকা লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্রহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় চাৰি বছৰৰ পৰা তিনি বছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াৰে পৰা প্ৰদূষণকাৰী কাৰখানা, শিল ভগা মিল, ইটা ভাটাই সেউজ কৰ দিব লাগিব।