কৃষি আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ সৈতে দিছপুৰত এখন বৈঠকত মিলিত হয়। বৈঠকখনত বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি আৰু কামকাজৰ শেহতীয়া স্থিতিৰ বুজ লোৱাৰ লগতে বিভাগৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট ব্যয়ব বিভিন্ন দিশ পর্যালোচনা কৰি তেওঁ বিষয়াসকলক যাৱতীয় নির্দেশনা দিছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কাৰ্য চলি থকা পশু চিকিৎসায় আৰু অন্যান্য আন্তঃগাঁথনিৰ শেহতীয়া অগ্ৰগতিৰ বুজ লোৱাৰ লগতে পশুধনৰ টীকাকৰণ অভিযান, ঔষধৰ উপলব্ধতা আদি বিষয়টো তেওঁ আলোচনা কৰে।
Assamese | September 21, 2024 11:07 AM | Atul Bora Meeting
দিছপুৰত বিভাগীয় জ্যেষ্ঠ বিষয়াৰে মন্ত্ৰী অতুল বৰাৰ বৈঠক