July 25, 2026 10:09 PM | assam cabinet

printer

দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত চলিত বিত্তীয় বৰ্ষৰ বাজেটত প্ৰস্তাৱিত কেইবাটাও বিষয় কাৰ্যকৰী কৰাৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেটত প্ৰস্তাৱিত কেইবাটাও বিষয় কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হয়। কেবিনেটে ৰাজ্যখনৰ আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ ১০ লাখ টকা পর্যন্ত ষ্টাম্প ডিউটী ৰেহাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।

 আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰি চিকিৎসক হিচাপে নিয়োজিতসকলৰ সুবিধার্থে আজি মন্ত্ৰীসভাই নতুন সেৱা বিধিত অনুমোদন জনায়। অহা মাহৰ পৰা চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া ধৰণে ৰেচন কাৰ্ডৰ বিপৰীতে দাইল আৰু চেনি দিয়াৰ কাম আৰম্ভ কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছে।

 বিক্ৰীৰ বাবে চুক্তি থকা ভূমি পুনৰ বিক্ৰীৰ ক্ষেত্ৰত পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ বাবে বিধানসভাত আইন প্ৰণয়নৰো আজি মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে ৷