October 24, 2026 11:48 AM | Sitharaman

printer

দাবী নকৰা সম্পত্তিৰ স্বত্ব উপযুক্ত গৰাকীক ঘূৰাই দিয়াত ক্ষিপ্ৰতাৰে ব্যৱস্থা ল’বলৈ বিত্তমন্ত্রীৰ আহ্বান

বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাবী নকৰা সম্পত্তিৰ স্বত্ব উপযুক্ত গৰাকীক ঘূৰাই দিয়াৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা ল’বলৈ বিত্তীয় খণ্ডৰ নিয়ন্ত্রক আৰু অন্যান্য অংশীদাৰসকলক আহ্বান জনাইছে। ইয়াৰ ভিতৰত বেংকত জমা ধন, লাভ্যাংশ, শ্বেয়াৰ, ডাকঘৰৰ সঞ্চয়, বীমাৰ ধন আৰু পেন্সন পুঁজিৰ ধন আছে। কালি নতুন দিল্লীত অনুষ্ঠিত বিত্তীয় স্থিতিশীলতা আৰু উন্নয়ন পৰিষদ- FSDC ত্রিংশতিতম বৈঠকত অংশগ্ৰহণ কৰি বিত্তমন্ত্রী শ্রীমতী সীতাৰমণে এই কথা প্রকাশ কৰে। ক্রমবর্ধমান ভূৰাজনৈতিক অনিশ্চয়তাৰ মাজতে আপোনাৰ গ্ৰাহকক জনা অর্থাৎ কে বাই চি পদ্ধতিসমূহ সৰল কৰাৰ লগতে ছাইবাৰ সুৰক্ষাৰ প্ৰস্তুতি শক্তিশালী কৰিবলৈ শ্ৰীমতী সীতাৰমণে আহ্বান জনায়।

পৰিষদে আপোনাৰ ধন, আপোনাৰ অধিকাৰ শীৰ্ষক অভিযানৰ অধীনত কৰা প্ৰচেষ্টা সমূহৰ পৰ্যালোচনা কৰি আছে। ইয়াৰ জৰিয়তে দাবী নকৰা বিত্তীয় সম্পত্তিসমূহ যথাযোগ্য গৰাকীক ঘূৰাই দিয়াৰ বাবে প্রচেষ্টা লোৱা হৈছে। সংশ্লিষ্ট মন্ত্র্যালয় আৰু নিয়ন্ত্রকসকলক সময়মতে ধন ঘূৰাই দিয়াৰ বাবে প্রচেষ্টা তীব্ৰতৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। অর্থনৈতিক আৰু বিত্তীয় স্থিতিশীলতাৰ সৈতে জড়িত বিষয়সমূহৰ লগতে বিভিন্ন প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ প্ৰস্তুতি সন্দৰ্ভতো পৰিষদে আলোচনা কৰে। এই আলোচনাত ফিনটেক খণ্ডত উদ্ভাৱনক প্ৰসাৰিত কৰাৰ ব্যৱস্থা আৰু বিত্তীয় সম্পত্তিক ডিজিটেল টোকেনলৈ পৰিৱৰ্তিত কৰাৰ সম্ভাৱনাৰ অন্বেষণ কৰা হয়। বিত্ত মন্ত্ৰ্যালয়ৰ কথা অনুসৰি এই বৈঠকত জটিল তথ্যৰ আন্তঃগাঁথনি সুৰক্ষা, সুৰক্ষা ব্যৱস্থাৰ স্থিতি স্থাপকতা শক্তিশালী কৰা আৰু আঞ্চলিক গ্রাম্য বেংকৰ মাজত ছাইবাৰ সুৰক্ষাৰ প্ৰস্তুতি বৃদ্ধিৰ বাবে দেশৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। ক্ৰমাৎ বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক প্রত্যাহ্বান আৰু অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিত্তমন্ত্ৰীয়ে পূর্ব নির্ধাৰিত সময়সূচী অনুসৰি অধিক বৈঠক অনুষ্ঠিত কৰিবলৈ পৰিষদক আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।