October 24, 2026 11:48 AM
দাবী নকৰা সম্পত্তিৰ স্বত্ব উপযুক্ত গৰাকীক ঘূৰাই দিয়াত ক্ষিপ্ৰতাৰে ব্যৱস্থা ল’বলৈ বিত্তমন্ত্রীৰ আহ্বান
বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাবী নকৰা সম্পত্তিৰ স্বত্ব উপযুক্ত গৰাকীক ঘূৰাই দিয়াৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা ল'বলৈ বিত্তীয় খণ্ডৰ নিয়ন্ত্রক আৰু অন্যান্য অংশীদাৰসকলক আহ্বান জনাইছে। ইয়াৰ ভিতৰত বেংকত জমা ধন, লাভ্যাংশ, শ্বেয়াৰ, ডাকঘৰৰ সঞ্চয়, বীমাৰ ধন আৰু পেন্সন পুঁজিৰ ধন আছে। কালি নতুন দিল্লীত অনুষ্ঠিত বিত্তীয় স্থিতিশীলতা আৰু উন্নয়ন পৰিষদ- FSDC ত্রিংশতিতম বৈঠকত অংশগ্ৰহণ কৰি বিত্তমন্ত্রী শ্রীমতী সীতাৰমণে এই কথা প্রকাশ কৰে। ক্রমবর্ধমান ভূৰাজনৈতিক অনিশ্চয়তাৰ মাজতে আপোনাৰ গ্ৰাহকক জনা অর্থাৎ কে বাই চ...