দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমন ঘটিব পাৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩-৪ দিনৰ ভিতৰত বতাহজাকে কেৰালাত প্ৰৱেশ কৰিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে কৈছে যে, কেৰালাত বতাহজাকৰ আগমনৰ বাবে অনুকুল বাতাবৰণ গঢ়ি উঠিছে। আকাশবাণীৰ সৈতে হোৱা আচুতিয়া কথা বতৰাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী নৰেশ কুমাৰে কয় যে দক্ষিণ পশ্চিম মৌচুমী বতাহজাকে পৰৱৰ্তী ৩-৪ দিনৰ ভিতৰত কেৰালাত প্ৰৱেশ কৰা আৰু ইয়াৰ পাছতে পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলত ঠাই বিশেষলৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনা আছে।
Assamese | May 21, 2025 9:04 PM | Akashvani News | IMD Alert | Mousumi
দক্ষিণ পশ্চিম মৌচুমী বতাহজাকৰ সময়ৰ পূৰ্বে আগমনৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ