ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যবান সম্পদ বুলি অভিহিত কৰিছে। আজি আগৰতলাৰ কুঞ্জবনৰ আশ্ৰয় পেঞ্চনাৰ গৃহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে সমাজে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা লাভান্বিত হ’ব পৰাকৈ সুযোগ সৃষ্টি কৰা উচিত ।
পৰিদৰ্শনকালত তেওঁ পেঞ্চনাৰ গৃহৰ জ্যেষ্ঠ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ মনোযোগেৰে শুনে। জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি সংঘটিত চাইবাৰ প্ৰৱঞ্চনাৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে চাইবাৰ অপৰাধীসকলে বিভিন্ন উপায়েৰে বৃদ্ধ লোকসকলক ভয় দেখুৱায় আৰু প্ৰৱঞ্চনা কৰে।
এনে অপৰাধৰ পৰা জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকৰ মাজত অধিক সজাগতা সৃষ্টি কৰাটো অতি প্রয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে জ্যেষ্ঠ আৱাসীসকলক নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ লিখি সংৰক্ষণ কৰিবলৈও উৎসাহিত কৰে, যাতে ভৱিষ্যত প্রজন্ম তেওঁলোকৰ জ্ঞান, প্রজ্ঞা আৰু অভিজ্ঞতাৰ পৰা উপকৃত হ’ব পাৰে ।