October 12, 2026 11:49 AM | India-West Indies T-20

printer

তৃতীয়খন টি-২০ খেলত ভাৰতৰ হাতত ১৪ ৰানত পৰাস্ত ৱেষ্ট ইণ্ডিজ

টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক ১৪ ৰানত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ২২৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৯ ৰানহে কৰিবলৈ সমর্থ হয়। দলটোৰ ছিমৰন হেটমেয়েৰে সৰ্বাধিক ৪৩ আৰু কামিল পুৰাণে ৪২ ৰান কৰে। ভাৰতৰ অশ্বদীপ সিঙে তিনিটা উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২২৩ ৰান সংগ্ৰহ কৰে। অভিষেক শর্মাই ৩০টা বলত ৬৯ ৰান কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। ৱেষ্ট ইণ্ডিজৰ হৈ কষ্টন চেজ, সমৰ যোচেফ আৰু সমৰ স্প্রীঞ্জাৰে দুটাকৈ উইকেট লাভ কৰে। অশ্বদীপ সিঙক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয়।

পাঁচখনীয়া শৃংখলাটোত ভাৰত সম্প্রতি ২-১ ব্যৱধানত আগবাঢ়ি আছে। প্রতিযোগিতাৰ চতুৰ্থখন খেল পৰহিলৈ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।