সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই গুৱাহাটীত আজি তৃতীয় লিংগ কল্যাণ বোর্ডৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তৃতীয় লিংগৰ লোকে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা সন্দৰ্ভত আলোচনা কৰা হয়। এই লোকসকলক পৰিচয় পত্ৰ প্ৰদানকে ধৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মন্ত্ৰী শ্ৰীহাজৰিকাই উল্লেখ কৰে। ৰাজ্য চৰকাৰে বিভিন্ন সময়ত তৃতীয় লিংগৰ লোকসকলক সুৰক্ষাৰ ব্যৱস্থা কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে। আজিৰ এই সভাত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত সচিব বিৰেন্দ্ৰ মিটাল, সচিব কে জে হিলালীকে ধৰি বহুকেইগৰাকী বিষয়া উপস্থিত থাকে।
Assamese | June 12, 2024 6:13 PM | Pijush Hazarika
তৃতীয় লিংগ কল্যাণ বোর্ডৰ বৈঠকত মন্ত্ৰী পীযূষ হাজৰিকাৰ অংশগ্ৰহণ