ৰাজ্যত হ’বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ বাৰেংগাবাৰীত কালি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কাইলৈ বাৰেংগাবাৰী লাচিত এম ই স্কুলৰ খেল পথাৰত হ’বলগীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনসভাৰ প্রস্তুতিৰো বুজ লয়। ইপিনে, কোকৰাঝাৰ সমষ্টিৰ বাবে অহা ৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বিটিআৰৰ দুটা মূল ৰাজনৈতিক দল, বি পি এফ আৰু ইউ পি পি এলেও ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰাৰ বাবে ভিন ভিন উপায়েৰে প্ৰচাৰ অভিযান চলাইছে। বি টি আৰ প্ৰধান প্রমোদ বড়োৱে কালি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী সোৱণশ্ৰী গাঁৱত এখন জনসভাত ভাষণ দিয়ে।
Assamese | April 26, 2024 11:23 AM | 3rd Phase Election
তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত