June 29, 2026 8:38 PM | PM sesel visit

printer

তিনি দিনীয়া চিচেলছ ভ্রমণ সামৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বদেশলৈ ৰাওনা

আফ্ৰিকীয় দেশ চিচেলছ আৰু ভাৰতৰ বন্ধুত্বপূর্ণ সম্পৰ্কৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিচেলছ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ৫০ বছৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই গভীৰ বিশ্বাস আৰু প্ৰগতিক প্ৰতিফলিত কৰিছে। লগতে সমাগত ৫০ বছৰৰ দুয়োখন দেশৰ সম্পৰ্কই উদ্ভাৱন, বহনক্ষম আৰু সমৃদ্ধিৰ ভাগ বতৰাক প্ৰতিফলিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে চিচেলছৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ অতি আনন্দিত। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্রীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী। প্রধানমন্ত্ৰীগৰাকীয়ে দেশখনত তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা মৰমৰ বাবে চিচেলছৰ ৰাষ্ট্ৰপতি ড° পাৰ্ট্ৰিক হাৰমিনি, দেশখনৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনি দিনীয়া চিচেলছ ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা হয় । চিচেলছ ভ্ৰমণৰ তৃতীয় দিনা তেওঁ ভিক্ট’ৰীয়াত অৱস্থিত নৱশক্তি বিনয়াগৰ মন্দিৰ দৰ্শন কৰে। শ্ৰীমোদীয়ে তাত ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰে। ইয়াৰ পাছতে প্রধানমন্ত্ৰীয়ে দেশখনৰ শান্তি উদ্যানত থকা মহাত্মা গান্ধীৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জনায়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে চিচেলছৰ সর্বোচ্চ সন্মান গার্ডিয়ান অব দা ব্লু হৰাইজন প্ৰদান কৰা হয়। তেওঁ দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দি কয়, যে চিচেলছ আৰু ভাৰত দুয়োখন দেশে সর্বাত্মক বিকাশৰ দিশত আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত ইয়াৰ প্রতিফলন ঘটিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।