প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি ছেচেলছ অভিমুখে ৰাওনা হৈছে। শ্রীমোদীয়ে এই ভ্রমণকালত ছেচেলছৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব। ২০১৫ চনত তেওঁ শেষবাৰৰ বাবে দেশখন ভ্রমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা ম্যালয়ে জনোৱা মতে এই অনুষ্ঠানত নৌসেনাৰ দুখন জাহাজৰ লগতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে অংশ ল’ব। ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে ছেচেলছৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ উপৰি পাৰস্পৰিক স্বার্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰিব। শ্রীমোদীয়ে দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দিব আৰু প্রবাসী ভাৰতীয় সকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু ছেচেলছৰ মাজত ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কৰ আধাৰত দীর্ঘদিনীয়া অংশীদাৰিত্ব আছে। ভাৰত মহাসাগৰ খণ্ডত গুৰুত্বপূৰ্ণ সামুদ্রিক চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু গোলকীয় দক্ষিণৰ ক্ষেত্ৰত থকা প্রতিশ্রুতিবদ্ধতাৰ দিশত ছেচেলছ অন্যতম গুৰুত্বপূর্ণ দেশ হিচাপে বিবেচিত হৈছে।
Assamese | June 27, 2026 11:36 AM | PM Seychelles
তিনিদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ছেচেলছ অভিমুখে ৰাওনা