তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ দলংঘাটত  ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ দলংঘাটত আজি ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰী মৃত্যুমুখত পৰে। ৩ গৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰমুৱা হোৱা পথত ৰেলৰ দলঙেৰে পাৰ হোৱা অৱস্থাত ৰেলগাড়ী এখনে মহতীয়াই নিয়াৰ ফলত গোৰেশ্বৰৰ গুৰমৌ গাঁৱৰ অনন্যা ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়।

এই দুর্ঘটনাটোত অৱশ্যে আন দুগৰাকী ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এই মর্মান্তিক দুর্ঘটনাটোৰ পাছত অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দীর্ঘদিনীয়া দাবীৰ সমর্থনত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে বুলি আকাশবাণীৰ তামুলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।