June 21, 2026 6:21 PM

views 13

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ দলংঘাটত  ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ দলংঘাটত আজি ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰী মৃত্যুমুখত পৰে। ৩ গৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰমুৱা হোৱা পথত ৰেলৰ দলঙেৰে পাৰ হোৱা অৱস্থাত ৰেলগাড়ী এখনে মহতীয়াই নিয়াৰ ফলত গোৰেশ্বৰৰ গুৰমৌ গাঁৱৰ অনন্যা ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়। এই দুর্ঘটনাটোত অৱশ্যে আন দুগৰাকী ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এই মর্মান্তিক দুর্ঘটনাটোৰ পাছত অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দীর্ঘদিনীয়া দাবীৰ সমর্থনত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে বুলি আকাশবাণীৰ তামুলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে।

August 25, 2025 8:03 PM

views 33

তামুলপুৰৰ বাঙালীপাৰাত একাংশ লোকৰ আক্ৰমণত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ চালকৰ মৃত্যু; দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰালী চ'কত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত গাঁওবাসীৰ আক্ৰমণত অভিষেক দাস নামৰ এজন ২৩ বছৰীয়া যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত তামুলপুৰৰ জিলা দণ্ডাধীশে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে এই ঘটনা সম্পর্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত গোৰেশ্বৰৰ চক্র বিষয়া ত্রিলিনা টাইডক পুংখানুপুংখ তদন্ত কৰি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্ল...