August 10, 2026 6:37 PM | tamulpur biswajit

printer

তামুলপুৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ পালন

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই উপলক্ষে তামুলপুৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আজি তামুলপুৰ চৰকাৰী এম ভি স্কুল প্ৰাঙ্গনত জিলাভিত্তিক ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ২০২৬ শুভাৰম্ভ কৰা হয়। 

এই অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে জিলা আয়ুক্ত ছিমি কৰণ, ভালেসংখ্যক স্বাস্থ্যকর্মী, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ লগতে পেলুজনিত ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এই বিশেষ দিৱস পালন কৰি অহা হৈছে, যাতে ছাত্র-ছাত্রীসকলক এই সন্দৰ্ভত সচেতন কৰিব পাৰি।

শিশুসকলৰ পেলুৰ সংক্ৰমণ প্ৰতিৰোধ আৰু তেওঁলোকৰ স্বাস্থ্য সুনিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশৰ লগতে বজালী জিলাতো আজি ৰাষ্ট্ৰীয় কৃমিনাশক দিৱস পালন কৰা হয়। বজালী জিলাৰ নিত্যানন্দ খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বাপুজী এম ই স্কুলত অনুষ্ঠিত এই কার্যসূচীত স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, বিদ্যালয় কর্তৃপক্ষ, স্বাস্থ্য কৰ্মী আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, পেলু নিৰ্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্ৰাস হোৱাৰ লগতে মানসিক প্ৰগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰে আৰু তেওঁলোকৰ শাৰীৰিক বিকাশে সুচল হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।