তামুলপুৰ জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা তামুলপুৰৰ সহযোগত আজি জিলাখনত ২০২৫-২৬ বৰ্ষৰ বাবে আৰোহণ আঁচনিৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ফলাফলৰ ভিত্তিত বাছনি কৰি নৱম শ্ৰেণীৰ ৭২গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৭২ গৰাকী বিশেষ গুৰুৰ মাজত মতবিনিময় কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ দ্বাৰা তেওঁলোকক কেৰিয়াৰ পৰামৰ্শদানৰ ব্যৱস্থাও কৰা হয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক টাবুৰাম পেগু আৰু বিদ্যালয় পৰিদৰ্শক জেহেৰুল ইছলাম উপস্থিত থাকে।
Assamese | November 25, 2025 10:09 PM | Tamulpur
তামুলপুৰত ২০২৫-২৬ বৰ্ষৰ আৰোহণ আঁচনিৰ শুভাৰম্ভ