তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰ শুক্লাই চেণ্ট্ৰেল খেলপথাৰত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আত্ম-সহায়ক গোটৰ মহিলাসকলক চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চেক বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকি গোৰেশ্বৰ বিধানসভা সমষ্টিৰ আত্ম-সহায়ক গোটৰ ৩৩ হাজাৰ ৮১৬ গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। এই কাৰ্য্যসূচীত অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰী, বি টি চিৰ উপাধ্যক্ষ বিশ্বজিৎ গৌড়া নাৰ্জাৰীৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে।
Assamese | January 9, 2026 7:56 PM | Cheque Distribution
তামুলপুৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত চেক বিতৰণ