January 9, 2026 7:56 PM

views 68

তামুলপুৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত চেক বিতৰণ

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰ শুক্লাই চেণ্ট্ৰেল খেলপথাৰত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আত্ম-সহায়ক গোটৰ মহিলাসকলক চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চেক বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকি গোৰেশ্বৰ বিধানসভা সমষ্টিৰ আত্ম-সহায়ক গোটৰ ৩৩ হাজাৰ ৮১৬ গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। এই কাৰ্য্যসূচীত অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰী, বি টি চিৰ উপাধ্যক্ষ বিশ্বজিৎ গৌড়া নাৰ্জ...

December 31, 2025 8:06 PM

views 32

কামৰূপ জিলাৰ বকোত হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বকোৰ গান্ধী ময়দানত আয়োজিত এটা অনুষ্ঠানত বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত সমষ্টিটোৰ মহিলা আত্মসহায়ক গোটৰ মুঠ ৩৩ হাজাৰ ৮৬১ গৰাকী সদস্যক ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰম্ভিক পুঁজিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। আঁচনিখনৰ অধীনত তৃ...

August 22, 2025 7:56 PM

views 38

নলবাৰীত আত্মসহায়ক গোটৰ সদস্যাসকললৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চেক প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকললৈ চেক প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বিগত এক এপ্ৰিলত বিহালী সমষ্টিত অনুষ্ঠিত এটা কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিছিল। নলবাৰীৰ পি এম শ্রী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত আজি অনুষ্ঠানত আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন মহিলাসকলক প্ৰাৰম্ভিক মূলধন হিচাপে ১০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ উদ্যমিতা পুঁজি প্ৰদান কৰ...