June 6, 2026 6:02 PM | Tamulpur

printer

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুজন লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ আর্থিক সাহায্য প্রদান

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুজন লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে আর্থিক সাহায্য প্রদান কৰিছে। অলপতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত বগাজুলি কুমগুৰিৰ কৰ্টেং মুছাহাৰী আৰু আঙাৰকাটা শিমলিবাৰী গাঁৱৰ পাউলোচ বসুমতাৰীৰ বাসগৃহত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী আৰু বন বিভাগৰ এটা উচ্চস্তৰীয় দল উপস্থিত হৈ পৰিয়াল দুটাক সমবেদনা জ্ঞাপন কৰে। লগতে চৰকাৰী নিয়ম অনুসৰি ৪ লাখ টকাকৈ এককালীন ক্ষতিপূৰণৰ চেক প্ৰদান কৰে। ইপিনে অঞ্চলটোত উপদ্ৰৱ চলাই থকা বনৰীয়া হাতীটোক কিদৰে বিভাগীয় প্ৰক্ৰিয়াৰে শীঘ্ৰে স্থানান্তৰ কৰিব পাৰি সেই সন্দৰ্ভত বন বিভাগৰ সৈতে উপাধ্যক্ষগৰাকী আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে চলিত বছৰত তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত ৫ জন লোকে প্ৰাণ হেৰুৱাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।