September 11, 2026 8:15 PM | Tamulpur

printer

তামুলপুৰত আজিৰে পৰা ৩০ দিনীয়া মৌলিক ইলেকট্ৰিচিয়ান প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ

ভাৰত-ভূটান সীমান্তবর্তী অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে তামুলপুৰৰ পাৰ্কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সশস্ত্র সীমাবলৰ উদ্যোগত আজিৰে পৰা ৩০ দিনীয়া মৌলিক ইলেকট্ৰিচিয়ান প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। অর্ধ শতাধিক নিবনুৱা যুৱকে অংশগ্রহণ কৰা এই বিশেষ দক্ষতা বিকাশ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বেটেলিয়নটোৰ কামাণ্ডেণ্ট এইছ কে গুপ্তাই।

কেৰিয়াৰ ইনফ’ৰ ব্যৱস্থাপনা সঞ্চালক অমৰ সিং ব্ৰহ্মৰ লগতে এছ এছ বিৰ বিষয়াবৰ্গ আৰু জোৱানসকলৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত সীমান্তৱৰ্তী পিছপৰা অঞ্চলৰ প্ৰতিভাবান যুৱ প্ৰজন্মক উপযুক্ত শিক্ষা প্ৰদান কৰি ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰোৱা হয় ৷