প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিল কবি তথা স্বাধীনতা যুঁজাৰু সুব্রমনিয়া ভাৰতীৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে সুব্রমনিয়া ভাৰতী এগৰাকী দূৰদৰ্শী কবি, লেখক, স্বাধীনতা যুঁজাৰু আৰু সমাজ সংস্কাৰক আছিল, যাৰ শব্দই অগণন লোকৰ মনত দেশপ্ৰেম আৰু আন্দোলনৰ ভাৱনা জগাই তুলিছিল। প্রধানমন্ত্রীয়ে লগতে সমতা আৰু নাৰী সৱলীকৰণৰ ক্ষেত্ৰত শ্ৰী ভাৰতীৰ প্রগতিশীল আদর্শও সমানেই অনুপ্ৰেৰণাদায়ী বুলি মন্তব্য কৰে। এই উপলক্ষে আজি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাসগৃহত কবিগৰাকীৰ সম্পূৰ্ণ ৰচনাৰ এটা সংকলন মুকলি কৰে। ২৩ টা খণ্ডৰ এই সংকলনখন সম্পাদনা কৰি উলিওৱাৰ বাবে শ্রী মোদীয়ে চিনি বিশ্বনাথনৰ প্ৰচেষ্টাৰ শলাগ লয়।
Assamese | December 11, 2024 2:23 PM | narendra modi | PMO India
তামিল কবি তথা স্বাধীনতা যুঁজাৰু সুব্রমনিয়া ভাৰতীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন