তামিলনাডুৰ পেৰিয়া পালায়ামত এমনিয়া গেছ নির্গমনৰ ঘটনাত ৭ গৰাকী লোক নিহত

তামিলনাডুৰ পেৰিয়া পালায়ামত আজি এটা সাগৰীয় খাদ্য ৰপ্তানি কৰা প্ৰতিষ্ঠানত হোৱা এমনিয়া গেছ নির্গমনৰ ঘটনাত ৭ গৰাকী লোক নিহত হোৱাৰ লগতে ৭০গৰাকীতকৈও অধিক কৰ্মচাৰী গুৰুতৰভাৱে আক্রান্ত হৈছে।

প্রাথমিক প্রতিবেদনত প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযান তথা চিকিৎসা সেৱা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনীৰ লগতে ৰাসায়নিক, জৈৱিক তথা পাৰমাণৱিক বিশেষ সঁহাৰি বাহিনীয়ে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ লগতে নির্গমন ৰোধ কৰাৰ প্ৰচেষ্টা চলাইছে।

ৰাজ্যখনৰ মুখ্যমন্ত্রী চি যোচেফ বিজয়ে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ তিনিজনীয়া কমিটী এখনক নির্দেশ দিছে। তেওঁ কয় যে অভিযুক্তসকলক ন্যায়ালয়ৰ কাঠগড়ালৈ লৈ যোৱা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে।