June 21, 2026 7:59 PM

views 12

তামিলনাডুৰ পেৰিয়া পালায়ামত এমনিয়া গেছ নির্গমনৰ ঘটনাত ৭ গৰাকী লোক নিহত

তামিলনাডুৰ পেৰিয়া পালায়ামত আজি এটা সাগৰীয় খাদ্য ৰপ্তানি কৰা প্ৰতিষ্ঠানত হোৱা এমনিয়া গেছ নির্গমনৰ ঘটনাত ৭ গৰাকী লোক নিহত হোৱাৰ লগতে ৭০গৰাকীতকৈও অধিক কৰ্মচাৰী গুৰুতৰভাৱে আক্রান্ত হৈছে। প্রাথমিক প্রতিবেদনত প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযান তথা চিকিৎসা সেৱা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনীৰ লগতে ৰাসায়নিক, জৈৱিক তথা পাৰমাণৱিক বিশেষ সঁহাৰি বাহিনীয়ে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ লগতে নির্গমন ৰোধ কৰাৰ প্ৰচেষ্টা চলাইছে। ৰাজ্যখনৰ মুখ্যমন্...