আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডº শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীৰ ৬৬ সংখ্যক জন্ম তিথিৰ সৈতে সংগতি ৰাখি পৰহিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত এক অভিনন্দন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি জয়ন্ত কুমাৰ ডেকাই কয় যে, এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ ৬৬ গৰাকী বৰেণ্য ব্যক্তি তথা গুৱাহাটীৰ কেইবাটাও পুৰণীকলীয়া নামঘৰ অনুষ্ঠানৰ লগতে মহানগৰীৰ ১০৮টা দিহানামৰ দলক অভিনন্দন জনোৱা হ’ব। সত্ৰৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশিত মাটি আখৰাৰে আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত এক সহস্ৰাধিক আয়তীৰ দ্বাৰা দিহানাম পৰিবেশনৰ লগতে গীতি, নৃত্য-নাটিকা, কৃষ্টিৰ বৰঘৰ মাজুলী মঞ্চস্থ কৰা হ’ব ।
Assamese | May 13, 2024 7:05 PM | Pitambar dev Goswami
ডº শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীৰ ৬৬ সংখ্যক জন্ম তিথিৰ সৈতে সংগতি ৰাখি পৰহিলৈ এক অভিনন্দন কাৰ্যসূচীৰ আয়োজন