ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিশেষ কাৰ্যসূচী

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা ৮ ছেপ্তেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্রতিযোগিতা আৰু সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয়।

কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কলকাতাৰ অসম ভৱনত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীর্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

৮ ছেপ্তেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্রত মহামিলনৰ তীৰ্থ শীর্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব।

সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্রত সুধাকণ্ঠলৈ শ্রদ্ধার্ঘ জনোৱাৰ লগতে ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব।

অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্মশতবর্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা ৮ ছেপ্তেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত প্রায় এশ গৰাকী শিল্পীয়ে একেলগে শিল্পীগৰাকীৰ কেইবাটাও চিৰসেউজ গীত পৰিবেশন কৰিব।

ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবর্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহীৰূহ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ’ব।

বিগত বৰ্ষৰ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশহিচাপে ৰাজ্যৰ বিভিন্ন প্রান্তত ভিন ভিন কার্যসূচী অনুষ্ঠিত কৰি অহা হৈছে।

আনহাতে সাংস্কৃতিক অনুষ্ঠান সুৰ তীৰ্থৰ উদ্যোগতো আজি গুৱাহাটীত কটন এলামনাই ড° ভূপেন হাজৰিকালৈ শ্রদ্ধা নিবেদন কৰা হ’ব। সুৰতীৰ্থৰ উদ্যোগত এই উপলক্ষে বিয়লি ড° ভূপেন হাজৰিকা সৃষ্টি আৰু নৱ প্ৰজন্মক এখন আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে।