অসম সাহিত্য সভাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতসমূহ তামিল, তেলেগু, মালায়ালম, পাঞ্জাৱী, মাৰাঠী, গুজৰাটী, কংকনী আৰু সংস্কৃতসহ ৯ টা ভাষালৈ অনুবাদৰ বাবে সিদ্ধান্ত লৈছে। ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ কালি সামৰণি অনুষ্ঠানত কার্যনিবাহকে এই সন্দৰ্ভত অনুমোদন জনায়। ইয়াৰ লগতে অসম সাহিত্য সভাই অহা ১৮ নৱেম্বৰত অৰ্থাৎ জুবিন গাৰ্গৰ ওপজা দিনটো ৰাজ্যজুৰি জুবিন দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইদিনা শিল্পীগৰাকীৰ প্ৰায় ১০০ টা গীতৰ সংকলন প্রকাশ কৰা হ’ব। ৰাজ্যৰ প্ৰতিখন জিলাত প্রায় ১০ হাজাৰ শিল্পীয়ে সেইদিনা জুবিন গাৰ্গৰ মায়াবিনী গীতটি সমবেত কণ্ঠত পৰিৱেশন কৰিব। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে কালি অধিৱেশনৰ সামৰণিত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে।
কাৰ্যনিৰ্বাহক বৈঠকৰ মাজতে কালি ৮ খন গ্ৰন্থ উন্মোচন কৰা হয়। মংগল চণ্ডী ব্রহ্ম ভাষা সাহিত্য গৱেষণা কেন্দ্ৰ আৰু ওদালগুৰি জিলা সাহিত্যৰ উদ্যোগত অনুষ্ঠিত এই অধিৱেশনৰ কালি অন্তিম দিনা সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কার্যনির্বাহক বৈঠক আয়োজিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড° গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কার্যনির্বাহক সভাত বিভিন্ন বিষয়ৰ লগতে আগন্তুক দুলীয়াজান অধিৱেশন, ১৯ ছেপ্তেম্বৰৰ দিনটোৰ কাৰ্যসূচীকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰা হয়৷