September 14, 2026 1:08 PM
2
ড° ভূপেন হাজৰিকাৰ গীতসমূহ ৯ টা ভাষালৈ অনুবাদৰ বাবে সিদ্ধান্ত অসম সাহিত্য সভাৰ
অসম সাহিত্য সভাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতসমূহ তামিল, তেলেগু, মালায়ালম, পাঞ্জাৱী, মাৰাঠী, গুজৰাটী, কংকনী আৰু সংস্কৃতসহ ৯ টা ভাষালৈ অনুবাদৰ বাবে সিদ্ধান্ত লৈছে। ওদালগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশন আৰু জনগোষ্ঠীয় সমাৰোহৰ কালি সামৰণি অনুষ্ঠানত কার্যনিবাহকে এই সন্দৰ্ভত অনুমোদন জনায়। ইয়াৰ লগতে অসম সাহিত্য সভাই অহা ১৮ নৱেম্বৰত অৰ্থাৎ জুবিন গাৰ্গৰ ওপজা দিনটো ৰাজ্যজুৰি জুবিন দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইদিনা শিল্পীগৰা...