August 25, 2024 11:00 AM | BAR Council | Silchar

printer

ডেৰশ বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কাৰ্যনিৰ্বাহ কৰি এক নিদর্শন স্থাপন কৰাতো এক অনন্য কৃতিত্বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি কাছাৰ জিলা বাৰ এছ’চিয়েচনৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলা বাৰ এছ’চিয়েচনৰ ডেৰশ বছৰ এক দীঘলীয়া পৰিক্ৰমা বুলি মন্তব্য কৰি কয় যে, ডেৰশ বছৰ এটা অনুষ্ঠান সবলভাৱে জীয়াই ৰাখি তথা সফলতাৰে কাৰ্যনিৰ্বাহ কৰি এক নিদর্শন স্থাপন কৰাতো এক অনন্য কৃতিত্ব। ভাৰতবৰ্ষ হৈছে গণতন্ত্রৰ জননী বুলি উল্লেখ কৰি তেওঁ কয় যে, ভাৰতীয় গণতন্ত্র অন্যতম মূল ভিত্তি হৈছে ন্যায় পালিকা। অধিবক্তাসকল ন্যায়িক ব্যৱস্থাটোৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। দেশৰ ন্যায়িক ব্যৱস্থাটো এক নতুন দিশে গতি কৰিছে বুলি মন্তব্য কৰি ড০ শৰ্মাই কয় যে, ব্ৰিটিছে প্ৰৱৰ্তন কৰা আই পি চি, চি আৰ পি চি আৰু ইণ্ডিয়ান ইভিডেন্স আইন আদিৰ পৰিৱৰ্তে দেশৰ সংসদে বর্তমান ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আইন শুদ্ধ আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰণয়ন কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।