প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, ডি আৰ ডি অ’য়ে এহেজাৰ ছেকেণ্ডতকৈ অধিক সময় ধৰি ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTOR গ্রাউণ্ড পৰীক্ষণ সম্পন্ন কৰি SCRAMJET ইঞ্জিন বিকাশৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। ডি আৰ ডি অ’ৰ হায়দাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত কালি ইয়াৰ গ্ৰাউণ্ড পৰীক্ষণ কৰা হয়। ইয়াৰ পূৰ্বে জানুৱাৰীত ১২০ চেকেণ্ডৰ বাবে পৰীক্ষণ কৰা হৈছিল। SCRAMJET ইঞ্জিনৰ সফল পৰীক্ষণৰ লগে লগে সম্পূৰ্ণৰূপে উৰণ যোগ্য কম্বাষ্টৰ পৰীক্ষণৰ বাবে শীঘ্ৰে এই ব্যৱস্থা সাজু হৈ উঠিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উল্লখনীয় সাফল্যৰ বাবে ডি আৰ ডি অ’, ঔদ্যোগীক অংশীদাৰ তথা বিজ্ঞানীসকলক অভিনন্দন জনাইছে। এই সফলতাই দেশৰ বাবে গুৰুত্বপূৰ্ণ হায়পাৰৰ্ছ নিক অস্ত্ৰ-শস্ত্ৰ প্ৰযুক্তি নিৰ্মাণৰ দিশত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকেই প্রতিফলিত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
Assamese | April 26, 2025 6:53 PM | ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTOR | Akashvani News | SCRAMJET
ডি আৰ ডি অ’ৰ হায়দাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত গ্ৰাউণ্ড পৰীক্ষণ সম্পন্ন