ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কালি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত অনুষ্ঠিত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এইবাৰ কলা শাখাত সৰ্বমুঠ ১৭ হাজাৰ ৯৯৫ গৰাকী অৱতীৰ্ণ হৈছিল।
ইয়াৰে ১৬ হাজাৰ ৬৫১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯০ দশমিক ৪২ শতাংশ। বাণিজ্য শাখাত এই হাৰ ৯৩ দশমিক ৫–১ শতাংশ উত্তীৰ্ণ হৈছে। ৯২ দশমিক ৩০ শতাংশ ছাত্র আৰু ৯৪ দশমিক ৩১ শতাংশ ছাত্ৰী এই পৰীক্ষাত সফলতা লাভ কৰিছে।