ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে আজি ডাঃ সৈকত পাত্ৰই শপত গ্ৰহণ কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপ-মেয়ৰ হিচাপে উজ্জ্বল ফুকনৰ লগতে পাৰিষদসকলে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কেবিনেট মন্ত্রী বিমল বৰা, প্রাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৬ মাৰ্চত ডিব্ৰুগড় পৌৰ সভা পৌৰ নিগমলৈ উন্নীত কৰা হয়৷
Assamese | June 21, 2024 8:52 PM | Mayor Oath
ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে ডাঃ সৈকত পাত্ৰৰ শপত গ্ৰহণ